অৰণ্যযাত্ৰা: ASSEB দশম শ্ৰেণীৰ অসমীয়া (MIL) সমাধান
One-time PDF: this chapter only. A private link is emailed to you and stays valid for 7 days with unlimited downloads. Learn more
ASSEB-ৰ অধীনত (পূৰ্বতে SEBA) অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ পাঠ্যসূচীৰ অন্তৰ্গত ASSEB দশম শ্ৰেণীৰ অসমীয়া (MIL) বিষয়ৰ অধ্যায় ১১. অৰণ্যযাত্ৰা-ৰ সাৰাংশ, প্ৰশ্নোত্তৰ, সমাধান, নোটছ, বহুনিৰ্বাচনী প্ৰশ্ন (MCQ), অতিৰিক্ত অধ্যয়ন সামগ্ৰী, PDF আৰু গাইড লাভ কৰক। অৱশ্যে, এই সমাধানসমূহ কেৱল তথ্যসূত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি সংশোধন বা পৰিবৰ্তন কৰিব পাৰি।
সাৰাংশ (Summary)
অনুৰাধা শৰ্মা পূজাৰী ৰচিত অৰণ্যযাত্রা নামৰ পাঠটিত ছাত্ৰ-ছাত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ কথা বৰ্ণনা কৰা হৈছে। গৰমৰ বন্ধত বিদ্যালয়ৰ তৰফৰ পৰা অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লোৱা হয়। অষ্টম শ্ৰেণীৰ পাহি আৰু তাইৰ ককায়েক নৱম শ্ৰেণীৰ পল এই যাত্ৰাৰ বাবে সাজু হয়। শিক্ষকে সকলোকে নিজৰ বস্তু নিজেই সামৰিবলৈ কৈছিল। পাহিয়ে নিজৰ বেগ নিজেই সাজু কৰে। কিন্তু পলে একো কৰা নাছিল। পলে ভাবিছিল যে ঘৰুৱা কামবোৰ কেৱল ছোৱালীৰহে। মাকে তেতিয়া পলক বুজাই দিয়ে যে ল’ৰা-ছোৱালী সকলোৱে নিজৰ কাম নিজে কৰিবলৈ শিকিব লাগে। তেতিয়াহে ভৱিষ্যতে কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।
যাত্ৰাৰ দিনা পুৱা সকলোৱে বাছত উঠে। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দায়িত্ব ভগাই দিয়ে। পাহিক ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু সৌৰভক খাদ্য বিতৰণ কৰিবলৈ দিয়া হয়। সৌৰভে খাদ্য বিতৰণ কৰা কামটো ছোৱালীৰ বুলি আপত্তি কৰাত শিক্ষকসকলে বুজাই দিয়ে যে কামত ল’ৰা-ছোৱালীৰ কোনো ভেদ নাই। যাত্ৰাপথত শিক্ষক তপন বৰুৱাই অৰণ্যৰ গুৰুত্ব বুজাই দিয়ে। তেওঁ কয় যে অৰণ্যখন মানুহৰ হাওঁফাওঁৰ দৰে। হাওঁফাওঁৱে যিদৰে আমাক উশাহ ল’বলৈ অম্লজান দিয়ে আৰু জীয়াই ৰাখে, ঠিক তেনেদৰে গছ-গছনিয়েও আমাক অম্লজান দি পৃথিৱীত জীৱকুলক বচাই ৰাখে। সেয়েহে গছ-গছনি আমাৰ পৰম বন্ধু।
কাজিৰঙা পোৱাৰ পাছত সকলোৱে জিৰণি লয়। তাত সকলোৱে নিজৰ খোৱা কাঁহী নিজেই ধুবলগীয়া হৈছিল। দুপৰীয়া সকলোৱে শুই থকাৰ সময়ত পল, সৌৰভ আৰু আফতাবে মনে মনে বাহিৰলৈ ওলাই যায়। তেওঁলোকে এখন বিলত এটা পুৰণি নাও দেখি তাত উঠে। কিন্তু নাওখনত ফুটা আছিল আৰু পানী সোমাই নাওখন ডুব গৈছিল। তেওঁলোকে সাঁতুৰিব নাজানিছিল আৰু ভয়ত চিঞৰিবলৈ ধৰিলে। সেই সময়তে মাছ মাৰিবলৈ অহা কেইগৰাকীমান গাঁৱলীয়া ছোৱালীয়ে তেওঁলোকক উদ্ধাৰ কৰে। ছোৱালীকেইজনীৰ সাহস দেখি ল’ৰাকেইটাই নিজৰ ভুল বুজি পায় আৰু লাজ পায়।
ল’ৰাকেইটা তিতি-বুৰি অহা দেখি শিক্ষকসকলে তেওঁলোকক গালি নাপাৰি মৰমেৰে গা ধুবলৈ আৰু গাখীৰ খাবলৈ দিয়ে। কিন্তু শাস্তি স্বৰূপে তেওঁলোকক গাঁও ফুৰিবলৈ নিদিয়ে। ৰাতিৰ সভাত প্ৰধান শিক্ষকে ল’ৰাকেইটাৰ বেয়া আচৰণৰ বাবে যাত্ৰা বাতিল কৰাৰ কথা কয়। তেতিয়া পাহিয়ে সকলোৰে হৈ ক্ষমা বিচাৰে। পলহঁতেও নিজৰ ভুল স্বীকাৰ কৰে আৰু এই বিষয়ে এখন ৰচনা লিখিবলৈ মান্তি হয়। পিছদিনা সকলোৱে মিলি হাতীৰ পিঠিত উঠি কাজিৰঙাৰ গঁড় আৰু অন্যান্য জীৱ-জন্তু চায়। শিক্ষকসকলে তেওঁলোকক কাজিৰঙাৰ ইতিহাস আৰু গঁড় সংৰক্ষণৰ বিষয়ে বহুতো নতুন কথা শিকায়। এই ভ্ৰমণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে আত্মনিৰ্ভৰশীলতা, ল’ৰা-ছোৱালীৰ সমতা আৰু অনুশাসনৰ এক সুন্দৰ শিক্ষা লাভ কৰে।
পাঠ্যপুথিৰ সমাধান (Textbook solutions)
ভাব-বিষয়ক
১। চমুকৈ উত্তৰ লিখা:
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।
(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰ: খোৱা কাঁহী-বাটি ধোৱা, বাচন-বৰ্তন ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি মচা-সৰা আদি কামবোৰ পলে ছোৱালীৰ কাম বুলি পাহিক কৈছিল।
(ঘ) লর্ড কার্জন কোন?
উত্তৰ: লৰ্ড কাৰ্জন আছিল ভাৰত স্বাধীন হোৱাৰ আগেয়ে ইংৰাজ শাসনৰ সময়ৰ এজন ব্ৰিটিছ ভাইচৰয়।
২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰ: ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিছিল যে ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে। তাই কৈছিল যে তাইও দাদাৰ দৰেই পঢ়া-শুনা কৰে। দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায়। দাদাই এই কামবোৰ কিয় মাকে বা তাই কৰি দিব বুলি ভাবে। ল’ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি বুলিও পাহিয়ে মাকক সুধিছিল।
মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক বুজনি দি কৈছিল যে তেওঁলোকে যি বয়সত যিবোৰ কাম কৰিব পাৰে, সেই কাম বয়স অনুযায়ী মাকে দুয়োটাকে শিকাই আহিছে। তেওঁলোকে পঢ়াশুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিব, ধন উপাৰ্জন কৰিব। কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’ব। তেতিয়া কেতিয়াবা সময়েও তেওঁলোকক ঠগিব আৰু মানুহেও ঠগিব।
৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ: পাহিয়ে ওখ গছবোৰ ৰৈ ৰৈ চায়। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন। তামোলগছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে নেমুগছজোপা থাকে, কিন্তু নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে আৰু প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰেই পাহিক আকৃষ্ট কৰে।
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ: কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে পাহি আৰু পলক উপদেশ দি কৈছিল যে তেওঁলোকে শিক্ষকৰ লগ নেৰিব লাগে আৰু শিক্ষকে যি কথা কয়, সেইমতে চলিব লাগে। দেউতাকে খবৰ লৈ থাকিব বুলিও কৈছিল।
আনহাতে, মাকে উপদেশ দি কৈছিল যে তেওঁলোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে আৰু অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে। সেয়েহে যিমান পাৰে শিকিব লাগে আৰু নিজৰ লগতে নিজৰ বয়-বস্তুবোৰ চম্ভালিব লাগে।
৫। ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’—এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
উত্তৰ: এই কথাষাৰৰ বক্তা হ’ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ।
বাছৰ ভিতৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা নেতা-নেত্ৰী পাতি দিছিল। পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ দায়িত্ব দিয়া হৈছিল। আনহাতে, নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰাৰ দায়িত্ব দিয়া হৈছিল।
সৌৰভে এই কামটো টান পাই কৈছিল যে পাহি আৰু বিদিশাই খাদ্য বিলাওক আৰু সিহঁতে ছোৱালী দুজনীৰ কামটো কৰিব। কাৰণ সিহঁত ল’ৰা আৰু লগৰীয়াবোৰে উৎপাত কৰিলে শাসন কৰিব পাৰিব তথা অসুবিধাবোৰলৈকো মন দিব পাৰিব। আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিছিল। ল’ৰা আৰু ছোৱালীৰ কামৰ এনে বৈষম্য দেখি শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি কথাষাৰ কৈছিল।
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা আৱাসৰ পিছফালে থকা এখন ডাঙৰ বিলত পল, আফতাব আৰু সৌৰভ মনে মনে নাৱত উঠি ফুৰিবলৈ গৈছিল। নাৱৰে অলপ দূৰ যোৱাৰ পিছত নাওখন মেটেকাৰ মাজত সোমাই পৰিছিল আৰু নাৱৰ তলিত থকা ফুটাৰে পানী সোমাবলৈ ধৰিছিল। সিহঁত তিনিওৰে কোনো এজনেও সাঁতুৰিব জনা নাছিল বাবে পানীত ডুবি যোৱাৰ মৰণান্তক বিপদত পৰিছিল।
এই বিপদৰ পৰা বিলত জাকৈৰে মাছ মাৰি থকা পাঁচজনী স্থানীয় ছোৱালীয়ে সিহঁতক উদ্ধাৰ কৰিছিল। ছোৱালী কেইজনীৰ নাম আছিল দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষ্মী। সিহঁতৰ ভিতৰৰে দুজনী ডাঙৰ ছোৱালীয়ে পানীত জঁপিয়াই দি পানীত ডুবিব খোজা পলক টানি আনি পাৰত পেলাইছিল আৰু আন এজনীয়ে সাঁতুৰি গৈ নাৱত উঠি নাওখন পাৰলৈ আনি আফতাব আৰু সৌৰভক উদ্ধাৰ কৰিছিল।
৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।
উত্তৰ: পল, আফতাব আৰু সৌৰভে শিক্ষকসকলৰ অনুমতি নোলোৱাকৈ মনে মনে বিললৈ গৈ প্ৰাণ হেৰুওৱাৰ দৰে গুৰুতৰ বিপদ মাতি আনিছিল। সিহঁতৰ এই দায়িত্বহীন কাৰ্যৰ বাবে বিদ্যালয়খন বদনামৰ পৰা কথমপিহে ৰক্ষা পৰিছিল। ছাত্ৰ-ছাত্ৰীৰ দলটোক সুৰক্ষিতভাৱে ঘূৰাই নিয়াটো শিক্ষকসকলৰ প্ৰধান কৰ্তব্য আছিল বাবে তেওঁলোকে পিছদিনাৰ অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰি উভতি যোৱাৰ সিদ্ধান্ত লৈছিল।
দলপতি হাজৰিকা ছাৰৰ এই ঘোষণাৰ পিছত কোঠাটোত সম্পূৰ্ণ নীৰৱতা বিৰাজ কৰিছিল আৰু সকলোৱে খঙেৰে পল, আফতাব আৰু সৌৰভলৈ চাইছিল।
তাৰ পিছত পাহিয়ে থিয় হৈ সকলোৰে হৈ ক্ষমা খুজিছিল আৰু কৈছিল যে ভুল কৰা কেইজনক শাস্তি দি কাইলৈ লগত লৈ নোযোৱাকৈ বাকীসকলক অৰণ্য দৰ্শন কৰিবলৈ দিয়া উচিত। পাহীৰ কথাত বাকী সকলোৱেও চিঞৰি সন্মতি জনাইছিল।
পলহঁতেও নিজৰ ভুল স্বীকাৰ কৰি সিহঁতক এৰি বাকীসকলক অৰণ্য দৰ্শনলৈ লৈ যাবলৈ অনুৰোধ কৰিছিল যাতে সিহঁতৰ বাবে যাত্ৰাটো অসফল নহয়।
ছাত্ৰ-ছাত্ৰীসকলৰ অনুৰোধ মৰ্মে শিক্ষকসকলে আলোচনা কৰি সিদ্ধান্ত লয় যে পল, আফতাব আৰু সৌৰভে নিজৰ ভুল আৰু কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে ৰচনা লিখি দিব লাগিব। সকলোৱে এই চৰ্তত মান্তি হোৱাত বাতিল কৰা কাৰ্যসূচীটো পুনৰ বাহাল ৰখা হৈছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে আনন্দত হাত চাপৰি বাজিছিল।
৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ: মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া।
তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্ৰ জগতক প্ৰথম জনাইছিল। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী আছিল মহীচন্দ্ৰ মিৰি।
৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰ: নিগনা চিকাৰী নামেৰে জনাজাত ব্যক্তিগৰাকীৰ প্ৰকৃত নাম আছিল বাপীৰাম হাজৰিকা।
তেওঁ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন বা লেডী কাৰ্জনক প্ৰথমতে কাজিৰঙাৰ গঁড় দেখুৱাইছিল।
১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?
উত্তৰ: কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক নিম্নলিখিতভাৱে অৱগত কৰিছিল:
১। নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।
২। গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, গছ নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে।
৩। ল’ৰা আৰু ছোৱালী সকলো সমান।
৪। আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুৱাটো মূৰ্খৰ কাম।
৫। দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো প্ৰয়োজনীয় কথা।
ভাষা-বিষয়ক
১। বাক্য ৰচনা কৰা :
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উত্তৰ: ১। ককাই-ভনী: ৰাম আৰু সীতা বৰ মৰমীয়াল ককাই-ভনী।
২। টুলুং-ভুটুং: বিলৰ পানীত সৰু নাওখন টুলুং-ভুটুং কৰি কঁপিছিল।
৩। চিঞৰ-বাখৰ: শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলে চিঞৰ-বাখৰ কৰা উচিত নহয়।
৪। মানুহ-দুনুহ: এই নিৰ্জন পথাৰখনত কোনো মানুহ-দুনুহ দেখিবলৈ পোৱা নাযায়।
৫। তিতি-বুৰি: বৰষুণত তিতি-বুৰি ল’ৰাটো ঘৰলৈ উভতি আহিল।
২। মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা :
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।
উত্তৰ: ১। অৰণ্য: ‘ৰ’-ৰ পিছত থকা ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
২। অৰ্পণ: ৰেফ (ৰ্) আৰু ‘ন’-ৰ মাজত ‘প’ (প-বৰ্গীয় বৰ্ণ) থকা বাবে ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
৩। কণ্ঠ: ট-বৰ্গীয় বৰ্ণ ‘ঠ’-ৰ লগত যুক্ত হোৱাৰ বাবে ইয়াত মূৰ্দ্ধন্য ‘ণ’ হৈছে।
৪। ওৰণি: অসমীয়া তদ্ভব শব্দ হ’লেও ইয়াত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ কৰা হৈছে।
৫। পোৰণি: ইয়াটো কোনো ব্যাকৰণগত নিয়ম নোহোৱাকৈ স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।
৬। আড়ম্বৰপূৰ্ণ: ইয়াত ‘ৰ’ (ৰেফ) ৰ ঠিক পিছত থকা বাবে ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
অতিৰিক্ত (Extras/additional)
প্ৰশ্নোত্তৰ (Questions and Answers)
শীঘ্ৰেই উপলব্ধ হ’ব
বহুনিৰ্বাচনী প্ৰশ্ন (MCQs)
শীঘ্ৰেই উপলব্ধ হ’ব
Get notes of other classes and subjects
Leave a Reply