logo

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন: ASSEB নৱম শ্ৰেণীৰ অসমীয়া (MIL) সমাধান

Leave a Comment

post

ASSEB-ৰ অধীনত (পূৰ্বতে SEBA) অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ পাঠ্যসূচীৰ অন্তৰ্গত ASSEB নৱম শ্ৰেণীৰ অসমীয়া (MIL) বিষয়ৰ অধ্যায় ১০: পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন-ৰ সাৰাংশ, প্ৰশ্নোত্তৰ, সমাধান, নোটছ, বহুনিৰ্বাচনী প্ৰশ্ন (MCQ), অতিৰিক্ত অধ্যয়ন সামগ্ৰী, PDF আৰু গাইড লাভ কৰক। অৱশ্যে, এই সমাধানসমূহ কেৱল তথ্যসূত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি সংশোধন বা পৰিবৰ্তন কৰিব পাৰি।

If you notice any errors in the notes, please mention them in the comments

সাৰাংশ (Summary)

ৰাজস্থানৰ ৰাজছমন্দ জিলাত পিপলান্ত্ৰি নামৰ এখন অতি ধুনীয়া গাঁও আছে। এই গাঁওখনৰ সফল আৰু অনুপ্ৰেৰণাদায়ক কাহিনীটো আমাক ‘পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন’ নামৰ পাঠটিত লেখক জ্যোতিপ্রসাদ বুঢ়াগোহাঞি-য়ে বৰ্ণনা কৰিছে। ইয়াত ‘পোহৰৰ বাট’ বুলি কওঁতে পৰিৱেশ ধ্বংস আৰু দৰিদ্ৰতাৰ অন্ধকাৰ আঁতৰাই শিক্ষা, গছ-গছনি আৰু এক সুন্দৰ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা বাটটোক বুজোৱা হৈছে। এসময়ত এই গাঁওখনত মাৰ্বল পাথৰৰ বৃহৎ খনি থকাৰ বাবে গছ-গছনি কাটি পেলোৱা হৈছিল। ইয়াৰ ফলত গাঁৱৰ পৰিৱেশ অতি প্ৰদূষিত হৈছিল আৰু পানীৰ ডাঙৰ নাটনি হৈছিল। মানুহে জীয়াই থাকিবলৈ বৰ কষ্ট কৰিবলগীয়া হৈছিল আৰু ডেকা ল’ৰাবোৰে কাম বিচাৰি চহৰলৈ গুচি গৈছিল।

এই কঠিন সময়তে গাঁৱৰ এজন ব্যক্তি শ্যাম সুন্দৰ পালিৱালে গাঁওখনক নতুন ৰূপ দিবলৈ যত্ন কৰে। ২০০৫ চনত তেওঁ গাঁৱৰ মুখিয়াল হয়। তেওঁৰ সৰু কন্যা কিৰণৰ অকালতে মৃত্যু হৈছিল। এই দুখ পাহৰিবলৈ তেওঁ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে। ইয়াৰ পিছতে তেওঁ গাঁৱত এটা সুন্দৰ নিয়ম কৰিলে। নিয়মটো আছিল যে গাঁৱত কোনো কন্যা সন্তান জন্ম হ’লে তাৰ আনন্দত সকলোৱে মিলি ১১১-টা গছপুলি ৰোপণ কৰিব লাগিব। এই কামটোক ‘কিৰণ নিধি যোজনা’ নাম দিয়া হ’ল। ইয়াৰ লগতে গাঁৱৰ মানুহক চাৰিটা দায়িত্ব দিয়া হ’ল। সেইবোৰ হ’ল— কন্যা সন্তানক ল’ৰাৰ দৰে সমানে মৰমেৰে ডাঙৰ কৰা, পানী সংৰক্ষণ কৰা, গছ ৰোপণ কৰা আৰু খেতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।

ছোৱালীজনীৰ সুৰক্ষাৰ বাবে বেংকত ৩১,০০০ টকা ফিক্সড ডিপ’জিট কৰি থোৱা হয়। নিয়ম কৰা হ’ল যে কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব আৰু বাল্যবিবাহ দিব নোৱাৰিব। ছোৱালীৰ লগতে সেই গছপুলিবোৰকো মৰমেৰে ডাঙৰ কৰা হয়। ৰাখী পূৰ্ণিমাৰ দিনা ছোৱালী আৰু মহিলাসকলে গছত ৰাখী বান্ধে। ইয়াৰ দ্বাৰা মানুহ আৰু গছৰ মাজত মৰমৰ সম্পৰ্ক গঢ়ি উঠে। এই নিয়মবোৰ মানি চলাৰ বাবে গাঁওখন লাহে লাহে আকৌ সেউজীয়া হৈ পৰিল। বতাহ পৰিষ্কাৰ হ’ল, পানীৰ অভাৱ দূৰ হ’ল আৰু খেতি-বাতি ভাল হ’বলৈ ধৰিলে।

পিপলান্ত্ৰি গাঁৱৰ এই সফলতাই গোটেই পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিলে। ডেনমাৰ্ক আৰু ৰাজস্থান চৰকাৰে স্কুলৰ কিতাপত এই গাঁৱৰ কথা ছপা কৰিলে। আৰ্জেণ্টিনাৰ এটি দলে এই গাঁৱক লৈ ‘ট্ৰী চিষ্টাৰ্ছ’ (Tree Sisters) নামৰ চিনেমা এখন বনালে। ২০০৭ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামেও এই গাঁৱক পুৰস্কাৰ দিলে। এই পাঠটোৰ পৰা শিশুসকলে শিকিব পাৰে যে ইচ্ছা আৰু কঠোৰ পৰিশ্ৰম কৰিলে যিকোনো সমস্যা সমাধান কৰিব পাৰি। আমি সকলোৱে গছ ৰোপণ কৰিব লাগে আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব লাগে।

পাঠ্যপুথিৰ সমাধান (Textbook solutions)

ভাব-বিষয়ক

১। চমুকৈ উত্তৰ লিখা:

(ক) ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?

উত্তৰ: ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্মস্থান আছিল উদয়পুৰ। এই ঐতিহাসিক উদয়পুৰ নামৰ ঠাইখন ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ অন্তৰ্গত আছিল।

(খ) পিপলান্ত্রি গাঁওখন ক’ত অৱস্থিত?

উত্তৰ: পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ জিলাত অৱস্থিত। এই গাঁওখন ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান উদয়পুৰৰ পৰা সাত কিলোমিটাৰ আঁতৰত অৱস্থিত।

(গ) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনে ‘গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল?

উত্তৰ: পিপলান্ত্ৰি গাঁওখনে মাৰ্বল পাথৰৰ বাবে ‘গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল। এই গাঁওখনত ব্যৱসায়ীসকলে মাৰ্বল পাথৰৰ বৃহৎ খনি আৰম্ভ কৰিছিল।

(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে?

উত্তৰ: পৃথিৱীৰ ডেনমাৰ্ক নামৰ দেশখনৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতা আৰু কাম-কাজৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে।

(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ: ‘Tree Sisters’ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। এই দলটোৱে পিপলান্ত্ৰি গাঁওখনলৈ আহি এই তথ্যভিত্তিক চিনেমাখন প্ৰস্তুত কৰি উলিয়াইছিল।

(চ) কিৰণ কোন আছিল?

উত্তৰ: কিৰণ আছিল পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল তথা পৰিৱেশ সংৰক্ষক শ্যাম সুন্দৰ পালিৱালৰ অকালতে মৃত্যুবৰণ কৰা মৰমৰ কন্যা।

(ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?

উত্তৰ: ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰে।

(জ) “কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন?

উত্তৰ: ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন হ’ল পিপলান্ত্ৰি গাঁৱৰ প্ৰাক্তন মুখিয়াল শ্যাম সুন্দৰ পালিৱাল।

(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?

উত্তৰ: কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে তেওঁৰ স্মৃতিত ১১-টা গছপুলি ৰোপণ কৰে। এইদৰে তেওঁলোকে মৃতকৰ স্মৃতি ৰক্ষা কৰি প্ৰকৃতিক জীয়াই ৰাখে।

২। পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল?

উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ দূষিত হৈছিল কাৰণ মাৰ্বল পাথৰৰ বাবে গাঁওখনত ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। এই বৃহৎ খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত প্ৰকৃতি ধ্বংস হৈছিল। ইয়াৰ উপৰিও গছ-গছনি ক্ৰমাৎ কমি অহাৰ ফলত বৰষুণৰ পৰিমাণ কমি গৈছিল আৰু পানীৰ নাটনি হৈছিল। নৈ, জলাশয় আৰু পুখুৰীৰ পানীও প্ৰদূষিত হৈ পৰিছিল।

৩। শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।

উত্তৰ: শ্যাম সুন্দৰ পালিৱাল হ’ল পিপলান্ত্ৰি গাঁৱৰ এজন ব্যক্তি, যিয়ে ২০০৫ চনত গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল। তেওঁৰ অৱদানৰ ফলতে এসময়ত ধ্বংসৰ দিশে গতি কৰা পিপলান্ত্ৰি গাঁওখনে এক নতুন ৰূপ লাভ কৰে আৰু সমগ্ৰ পৃথিৱীতে বিখ্যাত হৈ পৰে। নিজৰ কন্যা কিৰণৰ মৃত্যুত ম্ৰিয়মান হৈ তেওঁ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে আৰু সেইদিনাই গাঁৱত এক নতুন নিয়ম প্ৰৱৰ্তন কৰে। তেওঁৰ উদ্যোগত গাঁৱৰ প্ৰতিজনী কন্যা সন্তানৰ জন্মত ১১১-টাকৈ গছপুলি ৰোপণ কৰা আৰু প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

৪। “কিৰণ নিধি যোজনা’ কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?

উত্তৰ: ‘কিৰণ নিধি যোজনা’ হৈছে শ্যাম সুন্দৰ পালিৱালৰ কন্যা কিৰণৰ মৃত্যুত তেওঁৰ স্মৃতিত আৰম্ভ কৰা এক আঁচনি, যাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১-টা গছপুলি ৰোপণ কৰিব লাগে।

এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে পালন কৰিবলগীয়া বিশেষ চাৰিটা দায়িত্ব হ’ল:

(ক) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা।
(খ) পানী সংৰক্ষণ কৰা।
(গ) গছ-গছনি ৰুই প্ৰতিপালন কৰা।
(ঘ) খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।

৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি হৈছিল?

উত্তৰ: কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গ্ৰহণ কৰা আঁচনি অনুসৰি গাঁৱত কন্যা সন্তান জন্ম হ’লে তলত উল্লেখ কৰা নিয়মসমূহ মানি চলিবলগীয়া হয়:উল্লেখ কৰা নিয়মসমূহ মান

(ক) গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব।
(খ) ছোৱালীজনীক মৰম-চেনেহ আৰু যত্নৰে ডাঙৰ কৰাৰ লগতে তাইৰ নামত ৰোপণ কৰা ১১১-টা গছপুলিও প্ৰতিপালন কৰিব লাগিব।
(গ) কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।
(ঘ) কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব।
(ঙ) ছোৱালীজনীৰ নামত বেংকত মুঠ ৩১,০০০ টকাৰ এক ফিক্সড ডিপ’জিট অৰ্থাৎ স্থায়ী আমানত কৰি ৰখা হয়, যিটো কেৱল তাইৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব।

৬। পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা।
উত্তৰ: পিপলান্ত্ৰি গাঁৱত প্ৰতিজনী কন্যা সন্তানৰ জন্মৰ সময়ত ১১১-টা অতি মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয় আৰু সেইবোৰক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰে। বিশেষকৈ ৰাখী-বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত এক গভীৰ আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছে।

৭। পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী বিভিন্ন ব্যক্তি আৰু মাধ্যমৰ দ্বাৰা তলত দিয়া ধৰণে প্ৰচাৰ কৰা হৈছে:

(ক) ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত আৰু ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ সফলতাক অন্তৰ্ভুক্ত কৰা হৈছে।
(খ) আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘Tree Sisters’ নামৰ চিনেমা নিৰ্মাণ কৰিছে আৰু বহুতে ইয়াক লৈ শতাধিক তথ্যচিত্ৰ প্ৰস্তুত কৰিছে।
(গ) ইয়াৰ উপৰিও ‘পিপলান্ত্ৰি’ নামৰ can এখন হিন্দী ছবি নিৰ্মাণ কৰা হৈছে।
(ঘ) বাতৰি কাকত, সংবাদ মাধ্যম আৰু ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমত ইয়াৰ বিষয়ে তথ্য প্ৰচাৰ কৰা হৈছে।

৮। পিপলান্ত্ৰি গাঁওখন কিয় এখন আদর্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক?

উত্তৰ: পিপলান্ত্ৰি গাঁওখনক এখন আদৰ্শ গাঁও বুলি ভবাৰ কাৰণ হ’ল এই গাঁৱে পৰিৱেশ সংৰক্ষণৰ সৈতে সামাজিক সংস্কাৰক অতি সুন্দৰভাৱে একত্ৰিত কৰিছে। গাঁওখনে কন্যা ভ্ৰূণ হত্যা ৰোধ, বাল্যবিবাহ বন্ধ, ছোৱালীৰ শিক্ষা সুনিশ্চিত কৰাৰ লগতে প্ৰতিজনী কন্যা সন্তানৰ জন্মত ১১১-টাকৈ গছপুলি ৰোপণ কৰি এক সেউজ পৰিৱেশ গঢ়ি তুলিছে।

পাঠটোৰ শিক্ষণীয় দিশসমূহ হ’ল:

(ক) ধৈৰ্য, একাগ্ৰতা, সাহস আৰু নিয়ম-শৃংখলা মানি যৌথভাৱে কাম কৰিলে অসম্ভৱ কামো সম্ভৱ কৰিব পাৰি।
(খ) ল’ৰা আৰু ছোৱালী উভয়কে সমান চকুৰে চাব লাগে আৰু সমাজত কন্যা সন্তানৰ প্ৰতি থকা বৈষম্যমূলক মনোভাৱ দূৰ কৰিব লাগে।
(গ) পৰিৱেশ ৰক্ষাৰ বাবে কেৱল গছপুলি ৰোপণ কৰালেই নহ’ব, সেইবোৰ সঠিকভাৱে প্ৰতিপালন কৰা আৰু পানী সংৰক্ষণ কৰাটো অতি আৱশ্যকীয়।

৯। বহলাই, বুজাই লিখা :

(ক) বাৰটা মাহত তেৰটা খেতি।

উত্তৰ: বাৰটা মাহত তেৰটা খেতি বাক্যাংশই মানুহৰ কঠোৰ পৰিশ্ৰম আৰু নিৰন্তৰ কৃষি কাৰ্যক বুজায়। একাংশ লোকে কেৱল চৰকাৰ বা প্ৰশাসনৰ মুখলৈ নোচোৱাকৈ আৰু হাত সাৱটি বহি নাথাকি নিজৰ চেষ্টাৰে বছৰটোৰ বাৰটা মাহতে বিভিন্ন ধৰণৰ খেতি কৰে।

ইয়াৰ ফলত তেওঁলোকে নিজে খোৱাৰ উপৰিও উৎপাদিত সামগ্ৰী বিক্ৰী কৰি ধন আৰ্জন কৰিব পাৰে। পানীৰ অভাৱ বুলি অজুহাত দেখুৱাই থকাতকৈ বৰষুণৰ পানী সংৰক্ষণ কৰি তাক পুনৰ ব্যৱহাৰৰ বাবে চেষ্টা কৰিলে আৰু গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিলে সময়মতে বৰষুণ হয়। ইয়াৰ ফলত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায় আৰু পৰিৱেশ প্ৰদূষণো ৰোধ কৰিব পৰা যায়।

(খ) স্বচ্ছ ভাৰত অভিযান।

উত্তৰ: স্বচ্ছ ভাৰত অভিযান হৈছে সমগ্ৰ ভাৰতবৰ্ষতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত আৰম্ভ কৰা এক আঁচনি। কিন্তু এই অভিযান আৰম্ভ হোৱাৰ বহু পূৰ্বৰে পৰাই পিপলান্ত্ৰি গাঁৱত সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ কাম চলিছিল।

এই গাঁৱত মুকলি স্থানত কোনো লোকে শৌচ-প্ৰস্ৰাৱ নকৰে। আনকি বাহিৰৰ পৰা অহা কোনো লোকেও এই গাঁৱৰ কোনো ঠাই লেতেৰা কৰিব নোৱাৰে।

(গ) সামাজিক মাধ্যম

উত্তৰ: ইউটিউব, ফেচবুক, টুইটাৰ আদি হৈছে আধুনিক যুগৰ প্ৰধান সামাজিক মাধ্যম। এই মাধ্যমসমূহৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে দেশ-বিদেশৰ খবৰ বা বাৰ্তা বহুলভাৱে প্ৰচাৰ কৰিব পাৰি।

পিপলান্ত্ৰি গাঁৱৰ দৰে এখন আদৰ্শ গাঁৱৰ সফলতা, পৰিৱেশ সংৰক্ষণৰ কাম-কাজ আৰু সুন্দৰ পৰিকল্পনাসমূহৰ বিষয়ে এই সামাজিক মাধ্যমবোৰত যথেষ্ট তথ্য প্ৰকাশ পাইছে। ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ মানুহে এই গাঁৱৰ আদৰ্শৰ বিষয়ে জানিবলৈ সক্ষম হৈছে।

ভাষা-বিষয়ক

১০। বাক্য ৰচনা কৰা :

হাতে কামে; নিয়ম-শৃংখলা; দিনে-নিশাই; খেতি-বাতি; আনন্দ-উল্লাস; ডাঙৰ-দীঘল; সুখ-সমৃদ্ধি।

উত্তৰ: হাতে কামে: আমি কেৱল কথাতে নহয়, হাতে কামেও কামবোৰ কৰিব লাগে।

নিয়ম-শৃংখলা: বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে নিয়ম-শৃংখলা মানি চলা উচিত।

দিনে-নিশাই: খেতিয়কজনে দিনে-নিশাই পৰিশ্ৰম কৰি পথাৰত শস্য উৎপাদন কৰিছে।

খেতি-বাতি: গাঁৱৰ মানুহখিনিৰ খেতি-বাতি কৰিয়েই জীৱন অতিবাহিত হয়।

আনন্দ-উল্লাস: বিহুৰ দিনা সকলোৰে মাজত এক আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হয়।

ডাঙৰ-দীঘল: মাক-দেউতাকে কষ্ট কৰি সন্তানক ডাঙৰ-দীঘল কৰে।

সুখ-সমৃদ্ধি: সকলোৰে মাজত মিলাপ্ৰীতি থাকিলে সমাজলৈ সুখ-সমৃদ্ধি আহে।

১১। কিয় মূৰ্দ্ধন্য ‘ণ’ হৈছে লিখা :

বৰষুণ; পৰিমাণ; ৰূপায়ণ।

উত্তৰ: বৰষুণ: ইয়াত মূৰ্ধন্য ‘ষ’ বৰ্ণটোৰ পিছত থকা বাবে স্বাভাৱিক নিয়ম অনুসৰি দন্ত্য ‘ন’ টো মূৰ্ধন্য ‘ণ’ হৈছে।

পৰিমাণ: ইয়াত ‘পৰি’ উপসৰ্গৰ ‘ৰ’ বৰ্ণটোৰ পিছত থকা বাবে দন্ত্য ‘ন’ টো মূৰ্ধন্য ‘ণ’ হৈছে (ঋ, ৰ, ষ-ৰ পিছত ‘ণ’ হয়)।

ৰূপায়ণ: ইয়াত ‘ৰ’ বৰ্ণটোৰ পিছত স্বৰবৰ্ণ ‘উ’, ‘প’, ‘আ’ আৰু ‘য়’ থকা স্বত্বেও নত্ব বিধিৰ নিয়ম অনুসৰি দন্ত্য ‘ন’ টো মূৰ্ধন্য ‘ণ’ হৈছে।

১২। তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা :

মুক্ত; বায়ু; বৃহৎ; পানী; গছ; চকু; গাঁও।

উত্তৰ: মুক্ত: স্বাধীন

বায়ু: বতাহ

বৃহৎ: ডাঙৰ

পানী: জল

গছ: বৃক্ষ

চকু: নয়ন

গাঁও: গ্ৰাম

১৩। তলৰ উপসৰ্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা :

প্ৰতি; অধি; উপ; অৱ; দুৰ্।

উত্তৰ: প্ৰতি: প্ৰতিদান

অধি: অধিকাৰ

উপ: উপহাৰ

অৱ: অৱনতি

দুৰ্: দুৰ্বল

অতিৰিক্ত (Extras/additional)

প্ৰশ্নোত্তৰ (Questions and Answers)

শীঘ্ৰেই উপলব্ধ হ’ব

বহুনিৰ্বাচনী প্ৰশ্ন (MCQs)

শীঘ্ৰেই উপলব্ধ হ’ব

Ron'e Dutta
Ron'e Dutta
Ron'e Dutta is a journalist, teacher, aspiring novelist, and blogger who manages Online Free Notes. An avid reader of Victorian literature, his favourite book is Wuthering Heights by Emily Brontë. He dreams of travelling the world. You can connect with him on social media. He does personal writing on ronism.

Get notes of other classes and subjects

NBSE SEBA/AHSEC
NCERT TBSE
WBBSE/WHCHSE ICSE/ISC
BSEM/COHSEM Custom Notes for Teachers
MBOSE Question Papers
Notify change in syllabus/books Sell PDFs of your books
Request notes not available now Share PDFs of question papers

Leave a Reply

Your email address will not be published. Required fields are marked *

Only for registered users