logo

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য: ASSEB নৱম শ্ৰেণীৰ অসমীয়া সমাধান

Leave a Comment

post

ASSEB-ৰ অধীনত (পূৰ্বতে SEBA) অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ পাঠ্যসূচীৰ অন্তৰ্গত ASSEB নৱম শ্ৰেণীৰ অসমীয়া (MIL) বিষয়ৰ অধ্যায় ৯: ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য-ৰ সাৰাংশ, প্ৰশ্নোত্তৰ, সমাধান, নোটছ, বহুনিৰ্বাচনী প্ৰশ্ন (MCQ), অতিৰিক্ত অধ্যয়ন সামগ্ৰী, PDF আৰু গাইড লাভ কৰক। অৱশ্যে, এই সমাধানসমূহ কেৱল তথ্যসূত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি সংশোধন বা পৰিবৰ্তন কৰিব পাৰি।

If you notice any errors in the notes, please mention them in the comments

সাৰাংশ (Summary)

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিৰ লেখক হ’ল ড° হেমন্ত কুমাৰ শৰ্মা। এই পাঠটিত লেখকে ভাৰতবৰ্ষৰ বিশাল বৈচিত্ৰ্য আৰু তাৰ মাজত থকা সুদৃঢ় একতাৰ কথা অতি সহজ-সৰলভাৱে বুজাই দিছে। ভাৰত এখন অতি পুৰণি আৰু সুসভ্য দেশ। অতীতৰে পৰা ইয়াত বিভিন্ন জাতি, ধৰ্ম আৰু সংস্কৃতিৰ মিলন ঘটিছে।

ভৌগোলিক দিশৰ পৰা ভাৰতবৰ্ষত এফালে ওখ পৰ্বত, আনফালে গভীৰ সাগৰ, মৰুভূমি আৰু সমভূমি আদি বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। ভাৰতীয় লোকসকলৰ মাজতো অনেক বৰ্ণ আৰু জনগোষ্ঠীৰ বৈচিত্ৰ্য আছে। কোল, মুণ্ডা, চাওঁতালসকল ভাৰতৰ আদিম অধিবাসী। ইয়াৰ পিছত দ্ৰাবিড়, অষ্ট্ৰিক, মংগোলীয় আৰু আৰ্যসকল ভাৰতলৈ আহে। মংগোলীয়সকলৰ ভিতৰত নগা, বড়ো, মিচিং, কাৰ্বি আৰু গাৰো আদি অন্যতম। আৰ্যসকলৰ পিছতো ভাৰতলৈ শক, কুশান, মোগল, ইংৰাজ, ফৰাচী আদি বিভিন্ন বিদেশী জাতি আহিছিল আৰু ইয়াৰে বেছিভাগেই ভাৰতীয় সংস্কৃতিত বিলীন হৈ গ’ল।

ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য, সাজ-পাৰ আৰু ধৰ্ম বেলেগ বেলেগ। পূব আৰু দক্ষিণ ভাৰতৰ প্ৰধান খাদ্য ভাত হ’লেও উত্তৰ আৰু পশ্চিম ভাৰতৰ মানুহে ৰুটি খায়। কিন্তু এই সকলো ভিন্নতা সত্ত্বেও ভাৰতবৰ্ষ এখন ‘বাৰেবৰণীয়া ফুলৰ ফুলনি’ৰ দৰে সুন্দৰ। এই ৰূপক বা তুলনাটোৰ অৰ্থ হ’ল— যেনেকৈ এখন বাগিচাত নানা ৰঙৰ ফুলে সৌন্দৰ্য বৃদ্ধি কৰে, ঠিক তেনেকৈ ভিন্ন ধৰ্ম-ভাষা আৰু সাজ-পাৰৰ মানুহে ভাৰতৰ শোভা দুগুণে বঢ়াইছে। ইয়াত পোন্ধৰটা প্ৰধান আঞ্চলিক ভাষা আৰু বহুতো উপভাষা প্ৰচলিত আছে।

আঞ্চলিক আৰু সাংস্কৃতিক পাৰ্থক্য থকা সত্ত্বেও ভাৰতবাসীৰ মাজত এক গভীৰ একতা আছে। ভাৰতবৰ্ষক ‘ঋষি-মুনি আৰু মহাপুৰুষৰ দেশ’ বুলি কোৱা হয়। বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, নানক আৰু শংকৰদেৱ আদি মহাপুৰুষসকলে উদাৰতা আৰু আধ্যাত্মিকতাৰ বাণী প্ৰচাৰ কৰি মানুহক ভাতৃত্ববোধেৰে বান্ধি ৰাখিছিল। পাঠটিত একতাক ‘বহুৰঙী সূতাৰে গঁথা ফুলাম দলিচা’ আৰু ‘ঐক্যৰ সেতু’ বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হ’ল— বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মানুহবোৰ হৈছে বেলেগ বেলেগ ৰঙৰ সূতা, যিবোৰক অসমীয়াৰ দৰে এটা উমৈহতীয়া মাতৃভাষাই একতাৰে বান্ধি ৰাখিছে আৰু এখন সুন্দৰ ঐক্যবদ্ধ সমাজ অৰ্থাৎ এখন ফুলাম দলিচা গঢ়ি তুলিছে।

ভাৰতীয় মহাকাব্য যেনে বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ আৰু মহাভাৰতে সমগ্ৰ ভাৰতীয়ৰ চিন্তাধাৰাক এক কৰি ৰাখিছে। সংস্কৃত ভাষাই অতীতত এই একতা সুদৃঢ় কৰাত বহুখিনি সহায় কৰিছিল। তদুপৰি, সংগীত, চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য আৰু বিভিন্ন ধৰ্মীয় তথা জাতীয় উৎসৱ যেনে পোন্ধৰ আগষ্ট, গণতন্ত্ৰ দিৱস, জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলী আদিয়েও আমাক সদায় একতাৰ এনাজৰীৰে বান্ধি ৰাখে। শেষত লেখকে কৈছে যে ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ বস্তু, য’ত সকলোৰে সংস্কৃতি মিলি এক হৈ পৰিছে। গতিকে ভাৰতবৰ্ষ যদি ভাৰতমাতা হয়, তেন্তে বৈচিত্ৰ্যবোৰ তেওঁৰ বিভিন্ন অংগ আৰু একতা হৈছে তেওঁৰ অবিনাশী আত্মা।

পাঠ্যপুথিৰ সমাধান (Textbook solutions)

ভাব-বিষয়ক

১। অতি চমু উত্তৰ দিয়া :

(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল ?

উত্তৰ: প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বসবাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বুলি কোৱা হৈছিল।

(খ) বুদ্ধদেৱৰ আচল নাম কি?

উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ আচল নাম আছিল সিদ্ধাৰ্থ, গৌতম আৰু শাক্যসিংহ।

(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?

উত্তৰ: মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত আৰু বেদ বিভাগ-কৰ্তা এগৰাকী প্ৰাচীন ঋষি হ’ল ব্যাস।

(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰ: যাযাবৰ জাতিৰ বিভিন্ন শাখাৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে পৰিগণিত হোৱা কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কনিষ্ক।

(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰ: জৈন ধৰ্মৰ প্ৰৱৰ্তক হ’ল মহাবীৰ, যাৰ আচল বা প্ৰকৃত নাম আছিল বৰ্দ্ধমান।

২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।

উত্তৰ: ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থা, বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষা, আচাৰ-ব্যৱহাৰ আৰু কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।

৩। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূৰ্ণ বুলি কোৱা হৈছে লিখা।

উত্তৰ: ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:

(১) ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা আৰু আনফালে সুগভীৰ সাগৰ-মহাসাগৰ আছে।

(২) এফালে বিস্তীৰ্ণ সমতল ভূমি আৰু আনফালে বিৰাট মালভূমি আছে।

(৩) এফালে দ্বীপমালা আৰু আনফালে হ্ৰদ-জলাশয় আছে।

(৪) এফালে গ্ৰীষ্মৰ তীব্ৰতা আৰু আনফালে শীতৰ কঠোৰতা দেখা যায়।

(৫) এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য আৰু আনফালে শুকান মৰুভূমি আছে।

৪। আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ: আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বৰ্ণনা তলত উল্লেখ কৰা হ’ল:

(১) আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য স্থাপন কৰিছিল।

(২) এই জাতিসমূহৰ ভিতৰত শক, কুশান, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ আৰু ফৰাচী আদি প্ৰধান আছিল।

(৩) এই বিজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰতবৰ্ষকে আপোন কৰি লৈ ভাৰতীয় লোকসকলৰ সৈতে নিজক মিলাই দিছিল।

৫। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।

উত্তৰ: ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বৰ্ণনা তলত উল্লেখ কৰা হ’ল:

(১) পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত।

(২) আনহাতে উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ হৈছে ৰুটি।

(৩) উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুসকলৰ মাজত মাছ-মাংস খোৱাৰ নিয়ম নাই।

(৪) কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস ভক্ষণ কৰে।

৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ: ভাৰতৰ বিভিন্ন ঠাইৰ লোকসকলৰ সাজ-পাৰৰ মাজত যথেষ্ট ভিন্নতা দেখিবলৈ পোৱা যায়। পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত আকৌ পায়জামাৰ আদৰ বেছি।

ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ আৰু পায়জামা পৰিধান কৰে। অৱশ্যে বৰ্তমানে শিক্ষিত সমাজত লংপেণ্টৰ প্ৰচলন অধিক।

৭। আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।

উত্তৰ: আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা পৰাক্ৰমী বিদেশী জাতি হৈছে:

১. শক: এওঁলোক এভাগ যাযাবৰ জাতি আছিল। পোনতে অক্ষুনদীৰ পাৰত বাস কৰা এই জাতিয়ে পাছত যাযাবৰী অভ্যাস এৰি গৃহস্থ বৃত্তি গ্ৰহণ কৰে। এই জাতিটো পাঁচোটা শাখাত বিভক্ত হৈ পৰিছিল।

২. কুশান: শক জাতিৰ পাঁচোটা শাখাৰ ভিতৰত কুশান বংশই আছিল শ্ৰেষ্ঠ। এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক।

৮। “যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে।” এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।

উত্তৰ: এই কথাষাৰৰ মাজেদি ভাৰতবৰ্ষৰ বৈচিত্ৰ্যৰ মাজত থকা একতাৰ ভাবটোক বুজোৱা হৈছে। ভাৰতৰ যিবোৰ উপাদানে দেশখনত বৈচিত্ৰ্য আনিছে, সেইবোৰেই আকৌ বিভিন্ন স্থানত ঐক্যৰ সেতু নিৰ্মাণ কৰিছে।

যেনে, ধৰ্মীয় দিশৰ পৰা অসমৰ হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টিয়ানসকলৰ মাজত ভিন্ন আদৰ্শ থাকিলেও তেওঁলোকৰ উমৈহতীয়া মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে।

আনহাতে, এজন অসমীয়া হিন্দু আৰু এজন দক্ষিণ ভাৰতৰ হিন্দুৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বৈচিত্ৰ্য থাকিলেও ধৰ্মীয় বান্ধোনে তেওঁলোকক এক কৰি ৰাখিছে। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে বাহ্যিক পাৰ্থক্য থাকিলেও ভাৰতীয়সকল একতাৰ ডোলেৰে বান্ধ খাই আছে।

৯। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।’ এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা

উত্তৰ: ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উলাই কৰিব নোৱাৰি কাৰণ সংগীত, চিত্ৰকলা, ভাস্কৰ্য্য আৰু স্থাপত্য আদি সুকুমাৰ কলাই প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে।

ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা বিভিন্ন উৎসৱ-পাৰ্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰে। পোন্ধৰ আগষ্ট, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, হোলি আৰু অন্য ধৰ্মৰ ধৰ্মীয় উৎসৱবোৰৰ মাধ্যমেৰে মানুহৰ মাজত ঐক্যভাব গঢ়ি উঠে।

১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰ: ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু হোৱাৰ তাৎপৰ্য হৈছে যে যুগে যুগে বিভিন্ন জাতি-উপজাতি নিজৰ স্বকীয় সংস্কৃতি লৈ ভাৰতবৰ্ষলৈ আহিছে, কিন্তু কোনেও কেৱল নিজৰ সংস্কৃতিটোকে সুকীয়াকৈ ধৰি ৰাখিব পৰা নাই।

পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত সকলোৰে সংস্কৃতি মিলি গৈছে আৰু এক সুন্দৰ সমন্বয় সাধন হৈছে। ইয়াৰ ফলস্বৰূপে, ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এক সামূহিক সাংস্কৃতিক মিল দেখিবলৈ পোৱা যায়।

১১। চমু উত্তৰ লিখা:

(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ ।

উত্তৰ: নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত। এই লোকসকলে পুৰণি কালত উত্তৰ-পূব দিশেদি সোমাই ভাৰতবৰ্ষত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল।

(খ) সুকুমাৰ কলা কোনবিলাক ?

উত্তৰ: কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধ বিষয়কে একেলগে সুকুমাৰ কলা বোলা হয়।কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধ বিষয়কে একেলগে সুকু

(গ) কি কি গ্রন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰিছে?

উত্তৰ: বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ আৰু মহাভাৰত আদি গ্ৰন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰি আহিছে।

১২। কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?

উত্তৰ: ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে। এই সামূহিক মিলটো হৈছে সাংস্কৃতিক মিল।

১৩। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া।

উত্তৰ: উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ আৰু পায়জমা পৰিধান কৰে। যদ্যপি সাধাৰণতে ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ হ’ল শাৰী।

১৪। চমুটোকা লিখা :

(ক) সুকুমাৰ কলা

উত্তৰ: কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য— এই পাঁচবিধক সুকুমাৰ কলা বোলে। এই বিভিন্ন সুকুমাৰ কলাসমূহে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ সহায় কৰি আহিছে।কবিতা, সংগীত, চিত্ৰবিদ্যা,

(খ) সংগীত

উত্তৰ: গীত, বাদ্য আৰু নৃত্যৰ সমলয়ক সংগীত বোলে। সংগীত হৈছে এবিধ সুকুমাৰ কলা যিয়ে প্ৰাচীন কালৰে পৰা ভাৰতীয় লোকসকলক একতাৰ ডোলেৰে বান্ধি ৰখাত সহায় কৰি আহিছে।

(গ) কুশান

উত্তৰ: কুশান হৈছে এটা যাযাবৰ জাতিৰ পৰা অহা বংশ যিটো আটাইতকেই শ্ৰেষ্ঠ আছিল। এই যাযাবৰ জাতিটো প্ৰথমতে অক্ষুনদীৰ পাৰত বাস কৰিছিল আৰু পাছলৈ পাঁচোটা শাখাত বিভক্ত হৈ পৰিছিল। এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক।

(ঘ) ব্যাস

উত্তৰ: ব্যাস হৈছে এগৰাকী ঋষি যি মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি বিখ্যাত। ইয়াৰোপৰি তেওঁক বেদ বিভাগ-কৰ্তা বুলিও জনা যায়।

(ঙ) মক্কা

উত্তৰ: মক্কা হ’ল আৰৱ দেশৰ এখন প্ৰাচীন চহৰ যি পূৰ্বতে আৰৱ দেশৰ ৰাজধানী আছিল। এই স্থান ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম স্থান।

(চ) বশিষ্ঠ

উত্তৰ: বশিষ্ঠ হৈছে ব্ৰহ্মাৰ মানসপুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি। তেওঁ সূৰ্যবংশৰ ৰজাসকলৰ কুল পুৰোহিত আছিল। গুৱাহাটী নগৰৰ দক্ষিণফালে পৰ্বতৰ কাণত থকা এখন তীৰ্থস্থানত তেওঁ আশ্ৰম কৰি আছিল।

১৫। “ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ।” — কথাষাৰ বহলাই লিখা ।

উত্তৰ: ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। কেইবা হাজাৰ বছৰ আগেয়ে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য আৰু সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল।

ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াৰ ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষা, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ এই বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।

১৬। তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।

উত্তৰ: মোৰ দৈনন্দিন খাদ্যসম্ভাৰত ভাৰতবৰ্ষলৈ যুগে যুগে বাহিৰৰ পৰা অহা বিভিন্ন মানৱজাতিৰ খাদ্যাভ্যাসৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা যায়। আমাৰ দৈনন্দিন আহাৰত পোৱা এনে কিছুমান প্ৰধান মানৱজাতিৰ খাদ্যাভ্যাস তলত উল্লেখ কৰা ধৰণৰ:

(১) আৰ্যসকল: ভাৰতত প্ৰৱেশ কৰা আৰ্যসকলৰ প্ৰভাৱত আমাৰ দৈনিক আহাৰত ৰুটি, গাখীৰ, ঘিঁউ আদি দুগ্ধজাত সামগ্ৰীৰ প্ৰচলন দেখিবলৈ পোৱা যায়।

(২) মোগল আৰু পাঠানসকল: এছিয়াৰ পৰা অহা মোগল আৰু পাঠানসকলৰ খাদ্যাভ্যাসৰ ফলত আমাৰ সমাজত বিভিন্ন মচলাযুক্ত আহাৰ যেনে মাংসৰ ব্যঞ্জন, পোলাও বা বিৰিয়ানী আদিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।

(৩) ইউৰোপীয়সকল (পৰ্তুগীজ আৰু ইংৰাজ): ইউৰোপৰ পৰা অহা পৰ্তুগীজসকলৰ জৰিয়তে আলু, বিলাহী আৰু জলকীয়া আদি আমাৰ দৈনন্দিন শাক-পাচলিৰ অন্তৰ্ভুক্ত হৈছে। আনহাতে ইংৰাজসকলৰ প্ৰভাৱত দৈনিক চাহ খোৱা আৰু পুৱাৰ জলপানত পাউৰুটি, বিস্কুট আদি গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি উঠিছে।

ভাষা বিষয়ক

১৭। তলৰ শব্দবোৰৰ সন্ধি ভাঙা :

অনুষ্ঠান; জনাকীর্ণ; স্বাধীন; জন্মাষ্টমী

উত্তৰ: অনুষ্ঠান = অনু + স্থান
জনাকীর্ণ = জন + আকীর্ণ
স্বাধীন = স্ব + অধীন
জন্মাষ্টমী = জন্ম + অষ্টমী

১৮। তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা :

শাৰীৰিক; সামাজিক; সুকীয়া; ভৌগোলিক; ফুলনি; ভাৰতীয়; ফুলাম; অৱিনাশী; বাল্মীকি।

উত্তৰ: শাৰীৰিক = শৰীৰ + ইক (ষ্ণিক)
সামাজিক = সমাজ + ইক (ষ্ণিক)
সুকীয়া = সুকী + ইয়া
ভৌগোলিক = ভূগোল + ইক (ষ্ণিক)
ফুলনি = ফুল + অনি
ভাৰতীয় = ভাৰত + ঈয়
ফুলাম = ফুল + আম
অৱিনাশী = অবিনাশ + ঈ
বাল্মীকি = বল্মীক + ই (ষ্ণি)

১৯। প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা :

হেতু; পৃথিৱী; গ্ৰন্থ; মাতা।

উত্তৰ: হেতু = কাৰণ, নিমিত্ত
পৃথিৱী = ধৰিত্ৰী, জগত
গ্ৰন্থ = পুথি, কিতাপ
মাতা = জননী, আই

২০। বিপৰীত শব্দ লিখা।

পাৰ্থক্য; ত্যাগ; বৈচিত্ৰ্য; প্ৰাচীন।

উত্তৰ: পাৰ্থক্য = সাদৃশ্য / মিল
ত্যাগ = গ্ৰহণ / ভোগ
বৈচিত্ৰ্য = একতা / ঐক্য
প্ৰাচীন = নবীন / আধুনিক

অতিৰিক্ত (Extras/additional)

প্ৰশ্নোত্তৰ (Questions and Answers)

শীঘ্ৰেই উপলব্ধ হ’ব

বহুনিৰ্বাচনী প্ৰশ্ন (MCQs)

শীঘ্ৰেই উপলব্ধ হ’ব

Ron'e Dutta
Ron'e Dutta
Ron'e Dutta is a journalist, teacher, aspiring novelist, and blogger who manages Online Free Notes. An avid reader of Victorian literature, his favourite book is Wuthering Heights by Emily Brontë. He dreams of travelling the world. You can connect with him on social media. He does personal writing on ronism.

Get notes of other classes and subjects

NBSE SEBA/AHSEC
NCERT TBSE
WBBSE/WHCHSE ICSE/ISC
BSEM/COHSEM Custom Notes for Teachers
MBOSE Question Papers
Notify change in syllabus/books Sell PDFs of your books
Request notes not available now Share PDFs of question papers

Leave a Reply

Your email address will not be published. Required fields are marked *

Only for registered users