logo

লোকসংস্কৃতি: ASSEB নৱম শ্ৰেণীৰ অসমীয়া (MIL) সমাধান

Leave a Comment

post

ASSEB-ৰ অধীনত (পূৰ্বতে SEBA) অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ পাঠ্যসূচীৰ অন্তৰ্গত ASSEB নৱম শ্ৰেণীৰ অসমীয়া (MIL) বিষয়ৰ অধ্যায় ১২: লোকসংস্কৃতি-ৰ সাৰাংশ, প্ৰশ্নোত্তৰ, সমাধান, নোটছ, বহুনিৰ্বাচনী প্ৰশ্ন (MCQ), অতিৰিক্ত অধ্যয়ন সামগ্ৰী, PDF আৰু গাইড লাভ কৰক।অৱশ্যে, এই সমাধানসমূহ কেৱল তথ্যসূত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজন অনুসৰি সংশোধন বা পৰিবৰ্তন কৰিব পাৰি।

If you notice any errors in the notes, please mention them in the comments

সাৰাংশ (Summary)

পঢ়াশালিত পঢ়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লিখা এই পাঠটিৰ নাম হৈছে লোকসংস্কৃতি আৰু ইয়াৰ লেখক হৈছে ড° নবীন চন্দ্ৰ শৰ্মা। ইয়াত লেখক শৰ্মাদেৱে লোকসংস্কৃতিৰ বিষয়ে বৰ সহজকৈ বুজাই দিছে। ‘লোকসংস্কৃতি’ কি তাক জনাৰ আগতে আমি ‘লোক’ আৰু ‘সংস্কৃতি’ শব্দ দুটাৰ অৰ্থ জানিব লাগিব। ‘লোক’ মানে সাধাৰণ ৰাইজ বা গাঁৱৰ মানুহ। পণ্ডিত ড° প্রফুল্ল দত্ত গোস্বামীৰ মতে, যিসকল গঞা মানুহৰ বিশেষ লিখা-পঢ়া নাই, তেওঁলোকেই হ’ল ‘লোক’। এই লোকসকলৰ আচাৰ-ব্যৱহাৰ, গীত-মাত, পিন্ধা-উৰা, খোৱা-বোৱা আৰু ধৰ্মীয় উৎসৱ-পাৰ্বন আদিৰ সমষ্টিকেই লোকসংস্কৃতি বা গঞা সংস্কৃতি বুলি কোৱা হয়।

গঞা লোকসকলৰ কিছুমান বিশেষ গুণ বা বৈশিষ্ট্য থাকে। তেওঁলোক সাধাৰণতে গাঁৱত থাকে আৰু খেতি-বাতি কৰি জীৱন কটায়। তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ চখ কম। তেওঁলোকে পুৰণি কালৰ পৰা মুখে মুখে চলি অহা সাধুকথা, গীত, ফকৰা-যোজনা আদিতহে বাছি গুৰুত্ব দিয়ে। গঞা মানুহে হাতৰে বিভিন্ন ধুনীয়া বস্তু সাজি লয়। তেওঁলোকে মাটি, বাঁহ, কাঠ আৰু বেত ব্যৱহাৰ কৰি ঘৰুৱা সা-সঁজুলি তৈয়াৰ কৰে। তেওঁলোকৰ মনবোৰ অতি সৰল। তেওঁলোকে যুক্তি বা বিজ্ঞানতকৈ বিশ্বাসক বেছি গুৰুত্ব দিয়ে। অতীতৰ পৰম্পৰাৰ ওপৰত থকা বিশ্বাসৰ বাবে তেওঁলোকে দেৱ-দেৱতা বা অদৃশ্য শক্তিক মানি চলে। কিছুমান মানুহে গঞা সমাজক নিম্নখাপৰ বুলি ভাবিব খোজে, কিন্তু সেয়া সঁচা নহয়। গাঁৱতো শিক্ষিত মানুহ থাকে আৰু চহৰতো গঞা মানুহে কাম কৰিবলৈ আহে।

গঞা সমাজে নিজৰ প্ৰয়োজনত কৰা কামবোৰক ‘লোককৃষ্টি’ বোলে। ইয়াৰ জৰিয়তে লাহে লাহে লোকসংস্কৃতিৰ সৃষ্টি হয়। লোকসংস্কৃতিৰ বিষয়বস্তুক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— লোকসাহিত্য বা বাচিক কলা আৰু লোকজীৱন। লোকসাহিত্যৰ ভিতৰত মুখে মুখে চলি অহা লোকগীত, সাধুকথা, সাঁথৰ, ফকৰা-যোজনা আদি পৰে। উদাহৰণস্বৰূপে বিহু গীত, নিচুকনী গীত, বিয়া গীত, জিকিৰ আদি এই ভাগৰে অংশ। আনহাতে, লোকজীৱনক তিনিটা ভাগত ভগাব পাৰি। সেইবোৰ হ’ল— সামাজিক আচাৰ-অনুষ্ঠান, ভৌতিক বা বস্তুসংস্কৃতি আৰু লোকপৰিৱেশ্য কলা। ভৌতিক বা বস্তুসংস্কৃতি হ’ল লোকসংস্কৃতিৰ চকুৰে দেখা পোৱা ৰূপ, যেনে— সাজ-পাৰ, খোৱা-বোৱাৰ নিয়ম আৰু লোকশিল্প। আনহাতে গীত, নাচ আৰু অভিনয় আদিক পৰিৱেশ্য কলা বুলি কোৱা হয়।

সমাজ পৰিৱৰ্তন হোৱাৰ লগে লগে লোকসংস্কৃতিৰো পৰিবৰ্তন ঘটে। আজিকালি মুখে মুখে চলি অহা বহুতো গীত-মাত আৰু সাধুকথা কিতাপৰ আকাৰে লিখি ৰখা হৈছে। যেনে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ কিতাপখন। এনেদৰে লোকসংস্কৃতি পুৰণি হৈও সদায় নতুন হৈ থাকে। ইয়াত ‘পুৰণি হৈও নতুন’ বুলি কোৱা কথাষাৰৰ অৰ্থ হৈছে— আমাৰ লোকসংস্কৃতি অতি পুৰণি কালৰে পৰা চলি আহিছে যদিও ইয়াৰ গুৰুত্ব কেতিয়াও কমি নাযায়। ই নতুন প্ৰজন্মৰ মাজত নতুন ৰূপত জীয়াই থাকে। লেখকে শেষত নিজৰ পৰিচয় দি কৈছে যে তেওঁ সুদীৰ্ঘ ৪৬ বছৰ ধৰি শিক্ষকতা কৰিছিল আৰু অসমৰ হেৰাই যাব ধৰা ওজাপালি অনুষ্ঠানটোক ৰাইজৰ ওচৰত দাঙি ধৰিছিল। তেওঁ ধুনীয়া ধুনীয়া বহুতো কিতাপো লিখিছে। ছাত্ৰ-ছাত্ৰীসকলে যাতে নিজৰ আপুৰুগীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি সচেতন হয় আৰু সমাজৰ প্ৰতি মৰম উপজে, সেয়াই এই পাঠটিৰ মূল লক্ষ্য।

পাঠ্যপুথিৰ সমাধান (Textbook solutions)

ভাব-বিষয়ক

১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা ঃ

(ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় ?

উত্তৰ: লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়। এই লোককৃষ্টিৰ পৰিমাৰ্জনৰ জৰিয়তেহে সমাজত শাস্ত্ৰীয় সংস্কৃতিৰ জন্ম হয়।

(খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?

উত্তৰ: লোকসমাজত পুৰণি দিনৰ কথাৰহে অধিক সমাদৰ কৰা হয়। তেওঁলোকে নতুন কথা বা নতুন উপদেশতকৈ পুৰণি দিনৰে পৰা চলি অহা কথাবোৰতহে গুৰুত্ব দিয়ে।

(গ) লোককৃষ্টি কাক বোলা হয় ?

উত্তৰ: লোক বা গঞা লোকৰ আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, পিন্ধা-উৰা, ধৰ্মীয় কৃত্য আৰু খেলা-ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বোলা হয়।

(ঘ) লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় ?

উত্তৰ: লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তুসংস্কৃতি বোলা হয়। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰস্তুতি আদি ইয়াৰ অধ্যয়নৰ সামগ্ৰী।

(ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?

উত্তৰ: পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ’ল ‘বুঢ়ী আইৰ সাধু’। এইখন আমাৰ সমাজত অতিশয় জনপ্ৰিয় পুথি।

২। লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি?

উত্তৰ: লোকসমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি ক’ব খোজে আৰু এই ধাৰণাটোকে গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে। এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ’ল বিজ্ঞানসন্মত দৃষ্টিভংগী থাকিলেই যে কোনো এখন সমাজ উচ্চতৰ হ’ব আৰু তাৰ বিপৰীতে লোক বা গঞাসমাজ নিম্নতৰ হ’ব লাগিব, তেনে কোনো কথা নাই।

কসমাজৰ মানুহ সাধাৰণতে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ-চহৰত বাস কৰে যদিও এই ধাৰণা সদায় গ্ৰহণযোগ্য নহয়। কাৰণ গাঁৱতেও শিক্ষিত মানুহ বাস কৰে আৰু তাৰ বিপৰীতে চহৰ বা নগৰতো গঞালোকৰ বসতি দেখা যায়। নগৰ-চহৰৰ বিভিন্ন কাম-কাজৰ বাবে গঞালোকৰ প্ৰয়োজন হয় আৰু তেতিয়া তেওঁলোকে চহৰ-নগৰত থাকি মজদুৰ বা কামিলাৰ ভূমিকা পালন কৰে আৰু এইদৰে তেওঁলোকে নগৰবাসী হয়।

৩। চমু টোকা লিখা :

নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুঁচৰি গীত ।

উত্তৰ:(ক) নিচুকনী গীত: কেঁচুৱা ল’ৰা-ছোৱালীক শোৱাবলৈ গোৱা গীতক নিচুকনী গীত বোলা হয়। ই হৈছে শিশুৰ মনোৰঞ্জন আৰু শান্ত কৰাৰ বাবে গোৱা এবিধ লোকগীত। ইয়াৰ এটি উদাহৰণ হ’ল—

“আমাৰে ভাইটি শুব এ। বাৰীতে বগৰি ৰুব এ,
বাৰীৰে বগৰি পকি সৰিব। ভাইটিয়ে বুটলি খাব এ।।”

(খ) মালিতা বা কাহিনী গীত: লোককবিতা বা লোকগীতৰ এটা উপশ্ৰেণী হ’ল মালিতা বা কাহিনী গীত। ইয়াত কোনো এক বিশেষ কাহিনী বা ঘটনা গীতৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। ইয়াৰ উদাহৰণ হ’ল—

“হা-অ-হা-অ-হা-এ-হা-হা
হা-ইয়হ নমো নাৰায়ণ। হা-ইয়হ পৃথিৱী হেনো সৃজইছে।।”

(গ) সাঁথৰ: সাঁথৰ হ’ল লোকসাহিত্যৰ বাচিক কলাৰ এক গুৰুত্বপূৰ্ণ অংশ য’ত কোনো বস্তুৰ ইংগিতময় বা ৰহস্যধৰ্মী বৰ্ণনা কৰা হয়। ইয়াৰ উদাহৰণ হ’ল—

“গল বা ডিঙি আছে মূৰ নাই। কাণ আছে, চকু নাই, পেট আছে হাত নাই
মুখ আছে, জিভা নাই— সেইটো কি কোৱা ভাই। উত্তৰ : কলহ। ঘটি।”

(ঘ) জনশ্ৰুতি: জনশ্ৰুতি হ’ল গদ্যধৰ্মী লোককথাৰ অন্তৰ্গত এক উপাদান। পুৰাণ কথা আৰু সাধুকথাৰ দৰেই ইও সমাজত মুখে মুখে চলি অহা লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত কাহিনী।

(ঙ) জিকিৰ: জিকিৰ হ’ল এক প্ৰকাৰৰ আধ্যাত্মিক ভাৱপূৰ্ণ ধৰ্মীয় লোকগীত। ইয়াৰ এটি উদাহৰণ হ’ল—

“চিন্তো হেৰা মোৰ মন আল্লাৰ নামত
ভজো হেৰা মোৰ মন গুৰুৰ পাৱত।।
চোৱা চোৱা জীৱসকল ভেলৰ বিলাই।।”

(চ) দেহবিচাৰৰ গীত: দেহবিচাৰৰ গীত হৈছে মানৱ দেহৰ নশ্বৰতা আৰু আধ্যাত্মিক তত্ত্ব বৰ্ণনা কৰা গীত। ইয়াৰ এটি উদাহৰণ হ’ল—

“বৈকুণ্ঠত আছিল দেৱৰ দামে কলা। আহিল ভাৰস্তত নামি।
পূবলৈ আগকৈ পশ্চিমলৈ গুৰিকৈ। মেৰুৰে মূৰতে থপা।।”

(ছ) হুঁচৰি গীত: হুঁচৰি গীত হ’ল বহাগ বিহুৰ সময়ত গোৱা এবিধ পৰম্পৰাগত লোকগীত। ইয়াৰ এটি উদাহৰণ হ’ল—

“দেউতাৰ বৰে ঘৰ। দেখোতে ভয়ঙ্কৰ। শৰণ খেৰ মেলিয়ে চায়;
মুগাৰে বটীয়া। ন-শ গাঠনি। সৰিয়হ বাগৰি যায়।”

৪। ‘লোকজীৱন তিনিটা ভাগত বিভক্ত—’ লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া ৷

উত্তৰ: লোকজীৱন প্ৰধানকৈ তলত দিয়া তিনিটা ভাগত বিভক্ত:

(ক) সামাজিক আচাৰ-অনুষ্ঠান: এই ভাগটো হৈছে মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ সেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত হোৱা কৃষি, জন্ম, বিবাহ, মৃত্যু আদি বিষয়ক ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানসমূহ ইয়াৰ অন্তৰ্ভুক্ত। এইবোৰ প্ৰধানকৈ লোকবিশ্বাসৰ সৈতে জড়িত। ইয়াক উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোকঔষধ আৰু লোকধৰ্ম আদি উপভাগত ভগাব পাৰি।

(খ) ভৌতিক বা বস্তুসংস্কৃতি: ভৌতিক বা বস্তুসংস্কৃতি হ’ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন সমল বা সামগ্ৰী নিৰ্মাণ আৰু খোৱা-লোৱা বস্তুৰ ৰন্ধা-বঢ়া আদি ইয়াৰ মূল বিষয়। ইয়াৰ উপ-বিভাগসমূহ হ’ল— লোককলা, লোকশিল্প, লোক-স্থপতি কলা, লোকআভৰণ আৰু লোকৰন্ধন প্ৰণালী।

(গ) পৰিৱেশ্য কলা বা লোকপৰিৱেশ্য কলা: পৰম্পৰাগত সংগীত, নৃত্য আৰু নাট আদিয়েই হ’ল লোকপৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা বা লোকগীতি গোৱাক পৰিৱেশন কৰা বুলি কোৱা হয়। ইয়াৰ পৰিসৰে গীত, নৃত্য, নাটক আৰু বাদ্যযন্ত্ৰ আদিক সামৰি লয়।

৫। বহলাই লিখা:

(ক) সামাজিক আচাৰ-অনুষ্ঠান

উত্তৰ: সামাজিক আচাৰ-অনুষ্ঠান হ’ল মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে থকা পৰম্পৰাগত জীৱন। ই পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ সেতুস্বৰূপ। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ, মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা-অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান।

এইবোৰ প্রধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে:

(১) উৎসৱ-অনুষ্ঠান
(২) অৱসৰ-বিনোদন আৰু খেল-ধেমালি
(৩) লোকঔষধ
(৪) লোকধর্ম

(খ) লোক পৰিবেশ্য কলা

উত্তৰ: লোক পৰিৱেশ্য কলা হ’ল লোকজীৱনৰ শেষভাগ। পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা অথবা লোকগীতি গোৱাকে পৰিৱেশন কৰা বোলে। এনে ধৰণৰ পৰিবেশন পদ্ধতি এজন বা কেইবাজনো লোকে লোক বাদ্য-যন্ত্ৰ, নৃত্যৰ পোছাক-পৰিচ্ছদ আৰু দৃশ্য-বিৱৰণিৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনাত আকস্মিক ধৰণৰ।

পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে। লোকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি।

(গ) ভৌতিক বা বস্তু-সংস্কৃতি

উত্তৰ: ভৌতিক বা বস্তুসংস্কৃতি হ’ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই ভৌতিকসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী।

ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটি হৈছে:

(১) লোককলা
(২) লোকশিল্প
(৩) লোক-স্থপতিকলা
(৪) লোকআভৰণ
(৫) লোকৰন্ধন প্ৰণালী

৬। লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা ৷

উত্তৰ: লোকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি বুলি লিখকে কৈছে।

এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত অধিক গুৰুত্ব দিয়া নহয়। ইয়াত সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ গুৰুত্বহে বেছি থাকে।

৭। লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা ৷

উত্তৰ: লোকসাহিত্য বা বাচিক কলাক কেইটিমান উপভাগত ভগাব পাৰি। এই উপভাগবোৰ তলত দিয়া ধৰণে ভগাব পাৰি:

(ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত।
(খ) গদ্যধৰ্মী লোককথা।
(গ) প্ৰবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ।
(ঘ) সাঁথৰ।
(ঙ) লোকভাষা।

৮। ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী কি? ইয়াৰ উপ-বিভাগ কি কি?

উত্তৰ: ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া আৰু প্ৰস্তুতি আদি।
ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটি তলত দিয়া ধৰণৰ:

(ক) লোককলা।
(খ) লোকশিল্প।
(গ) লোক-স্থপতিকলা।
(ঘ) লোকআভৰণ।
(ঙ) লোকৰন্ধন প্ৰণালী।

৯। ‘অ’ মাই যশোৱা হে, মাইহে যশোৱা…’ গীতটি কোনে লিখিত ৰূপ দিয়ে ?

উত্তৰ: ‘অ’ মাই যশোৱা হে, মাইহে যশোৱা…’ গীতটি ড° ভূপেন হাজৰিকা দেৱে লিখিত ৰূপ দিছে।

১০। তাৎপৰ্য ব্যাখ্যা কৰা :

(ক) লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।

উত্তৰ: এই কথাফাঁকিৰ অৰ্থ হৈছে যে লোকসংস্কৃতি অতি পুৰণি কালৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে। কিন্তু সময়ৰ লগে লগে ই শিক্ষিত লোকৰ হাতত পৰি আধুনিক ৰূপ লৈ যুগসাপেক্ষ বা সময়সাপেক্ষ স্থিতি লাভ কৰে।

যেনেদৰে বিহু-গীত, হুঁচৰি গীত, জাৰীগীত আদি আৰু মুখে মুখে চলি অহা সাধুকথাসমূহে বৰ্তমান লিখিত ৰূপ পাইছে। এনেদৰে নতুন ৰূপ লাভ কৰাৰ পিছতো লোকসংস্কৃতিয়ে নিজৰ মূল স্বৰূপ কেতিয়াও নেহেৰুৱায়। সেইবাবে ক’ব পাৰি যে লোকসংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি।

(খ) সমাজৰ পৰিবৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবৰ্তন ঘটে।

উত্তৰ: এই কথাফাঁকিৰ অৰ্থ হৈছে যে সমাজ এখন চিৰকাল একে হৈ নাথাকে আৰু সমাজ সলনি হোৱাৰ লগে লগে লোকসংস্কৃতিৰো স্বাভাৱিকভাৱে পৰিবৰ্তন ঘটে।

মানুহৰ সমাজৰ পৰিবৰ্তন হোৱাৰ লগে লগে লোকসংস্কৃতিৰ উপাদানসমূহেও নিজৰ পুৰণি ৰূপ সলাই এক নতুন ৰূপ বা দ্বিতীয় অস্তিত্ব গ্ৰহণ কৰে। এই দ্বিতীয় অস্তিত্বৰ সহায়তেই লোকসংস্কৃতি পৰিবৰ্তিত সমাজখনত জীয়াই থাকে।

ভাষা-বিষয়ক

১১। তলৰ শব্দকেইটাত মূৰ্দ্ধন্য ‘ণ’ আৰু ‘ষ’ হোৱাৰ কাৰণ দৰ্শোৱা :

কৃষি; অনুষ্ঠান; ধাৰণ; আহৰণ।

উত্তৰ: কৃষি: ‘ঋ’ কাৰৰ পাছত থকা বাবে ‘ষ’ হৈছে।

অনুষ্ঠান: ‘উ’ কাৰবিশিষ্ট ‘অনু’ উপসৰ্গৰ পাছত থকা বাবে ‘স’ বৰ্ণটো মূৰ্ধন্য ‘ষ’ লৈ ৰূপান্তৰিত হৈছে।

ধাৰণ: ‘ৰ’ বৰ্ণৰ পাছত থকা বাবে দন্ত্য ‘ন’ বৰ্ণটো মূৰ্ধন্য ‘ণ’ হৈছে।

আহৰণ: ‘ৰ’ বৰ্ণৰ পাছত থকা বাবে দন্ত্য ‘ন’ বৰ্ণটো মূৰ্ধন্য ‘ণ’ হৈছে।

১২। বিপৰীত অর্থ বুজোৱা শব্দ লিখা :

বিশ্বাস; মৌখিক; সংযোগ; প্রয়োজনীয়; জন্ম; উচিত।

উত্তৰ: বিশ্বাস → অবিশ্বাস

মৌখিক → লিখিত

সংযোগ → বিয়োগ / বিচ্ছেদ

প্ৰয়োজনীয় →অপ্ৰয়োজনীয়

জন্ম →মৃত্যু

উচিত →অনুচিত

১৩। সমার্থক শব্দ লিখা :

গঞা; পিতা; বেমাৰ; চহৰ; লোক ।

উত্তৰ: গঞা → গাঁৱলীয়া / গাওঁবাসী

পিতা → দেউতা / পিতৃ

বেমাৰ → ৰোগ / অসুখ

চহৰ →নগৰ / মহানগৰ

লোক →মানুহ / জনসাধাৰণ

অতিৰিক্ত (Extras/additional)

প্ৰশ্নোত্তৰ (Questions and Answers)

শীঘ্ৰেই উপলব্ধ হ’ব

বহুনিৰ্বাচনী প্ৰশ্ন (MCQs)

শীঘ্ৰেই উপলব্ধ হ’ব

Ron'e Dutta
Ron'e Dutta
Ron'e Dutta is a journalist, teacher, aspiring novelist, and blogger who manages Online Free Notes. An avid reader of Victorian literature, his favourite book is Wuthering Heights by Emily Brontë. He dreams of travelling the world. You can connect with him on social media. He does personal writing on ronism.

Get notes of other classes and subjects

NBSE SEBA/AHSEC
NCERT TBSE
WBBSE/WHCHSE ICSE/ISC
BSEM/COHSEM Custom Notes for Teachers
MBOSE Question Papers
Notify change in syllabus/books Sell PDFs of your books
Request notes not available now Share PDFs of question papers

Leave a Reply

Your email address will not be published. Required fields are marked *

Only for registered users